এইবাৰ দুৰ্গা পূজাত মা দুৰ্গাৰ ৰূপ লৈ ‘মদাহী’ অসুৰ বধ কৰিব পৰিবহণ বিভাগেঃ হেলমেট নিপিন্ধা লোকক সকীয়নী পৰিবহণ বিষয়া গৌতম দাসৰ

নিউজ ডেস্কঃ এইবাৰ দুৰ্গা পূজাত মা দূৰ্গাৰ ৰূপত ‘মদাহী’ অসুৰ বধ কৰিবলৈ সাজু হৈছে কামৰূপ জিলা পৰিবহণ বিভাগ। পূজাৰ সময়ত হেলমেট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱা সকলক সকীয়নি প্ৰদান কৰিলে সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে।

দুৰ্গা পূজাৰ সময়ত হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ ফটো নম্বৰ প্লেটসহ প্ৰেৰণ কৰিবলৈ আহ্বান গৌতম দাসৰ। হেলমেট পৰিধান নকৰা সকলক ই চালানযোগে জৰিমণা বিহা হ’ব বুলিও সকীয়াই দিয়ে সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে।

হেলমেট পৰিধান নকৰা, চিটবেল্ট নিপিন্ধা, দ্ৰুতবেগত গাড়ী চলোৱা বা সুৰাপান কৰা চালকৰ বিৰুদ্ধে এইবাৰ পৰিবহন বিভাগে দুৰ্গাৰ ৰূপ ধাৰণ কৰিব বুলি মন্তব্য কৰি গৌতম দাসে কয় যে ইতিমধ্যে দুৰ্গা পূজাক লৈ পৰিবহণ বিভাগ সাজু হৈছে।

পূজাৰ বতৰত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সৰ্বতোপ্ৰকাৰে পৰিবহণ বিভাগে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দি কামৰূজ জিলা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে এইবাৰ চালক-আৰোহী সকলোৰে বাবে পঞ্চসূত্ৰৰ ব্যৱস্থা কৰা হৈছে। সেয়া হৈছে- তীব্ৰ বেগত গাড়ী নচলোৱা, ফোনত কথা পাতি গাড়ী নচলোৱা, সুৰাপান কৰি গাড়ী নচলোৱা, চালক-আৰোহী দুয়োজনে হেলমেট পৰিধান কৰা আৰু আনন্দ-স্ফূৰ্তি কৰি গাড়ী নচলোৱা।

পৰিবহণ বিভাগে বান্ধি দিয়া এই পঞ্চসূত্ৰ পালন নকৰিলে জৰিমণা ভৰিবলগীয়া হোৱাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল হ’ব পাৰে বূুলি সকীয়াই দিয়ে গৌতম দাসে।