অসমীয়াঅসম

এইবাৰ জুৱাত ধৰিলে খোদ শিক্ষকে! ধনশিৰিত আৰক্ষীৰ জালত অৱসৰপ্ৰাপ্ত শিক্ষকসহ ৫ জুৱাৰী…

নিউজ ডেস্কঃ দীপাৱলীৰ উছাহৰ মাজতে সৰুপথাৰত জুৱা খেলি আটক হ’ল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক।

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ মুহূৰ্তত যুৱ প্ৰজন্মক অন্ধকাৰৰ দিশে ঠেলি জুৱাৰ বেহা মেলা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকসহ ৫ জনক আটক কৰে সৰুপথাৰ আৰক্ষীয়ে।

আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ধনশিৰি মহকুমাৰ নাওজানত অভিযান চলাই ৫ টা জুৱাৰীক আটক কৰাৰ লগতে প্ৰায় ১ লাখ ৪০ হাজাৰ টকা, এখন গাড়ী আৰু এখন স্কুটী জব্দ কৰে।

ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ তত্বাৱধানত সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতু ডেকাই কৰায়ত্ত কৰে জুৱাৰীকেইটাক৷

ধৃত জুৱাৰী কেইটাৰ পৰিচয় ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক দ্ৰূণ বৰুৱা, পাণজান সোণালী পথাৰৰ অজিত দাস, নাওজানৰ মুকুট তালুকদাৰ, দুলেশ্বৰ তাছা আৰু কাৰ্বি আংলঙৰ পূৰ্ণ ৰাণা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

সম্প্ৰতি আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷

Related Articles

Back to top button