এইবাৰ জালত পৰিল মহিলা লাট মণ্ডল! ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ গীতাঞ্জলি দাস…

নিউজ ডেস্কঃ বিহুৰ পূৰ্বে উজান উঠিছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ।

এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী মহিলা লাট মণ্ডল।

কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসক উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।

মাটিৰ কাম-কাজৰ বাবদ ৫০০০ টকাৰ উৎকোচ লৈছিল লাট মণ্ডল গীতাঞ্জলি দাসে।

কিন্তু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে মহিলা লাট মণ্ডলগৰাকীক।