
নিউজ ডেস্কঃ বিহুৰ পূৰ্বে উজান উঠিছে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ।
এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী মহিলা লাট মণ্ডল।
কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসক উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।
মাটিৰ কাম-কাজৰ বাবদ ৫০০০ টকাৰ উৎকোচ লৈছিল লাট মণ্ডল গীতাঞ্জলি দাসে।
কিন্তু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে মহিলা লাট মণ্ডলগৰাকীক।