এইবাৰ চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী! লোন পৰিশোধ নকৰিলে মিউজিক ভিডিঅ’ বন্ধ কৰি দিয়াৰ ভাবুকি…

নিউজ ডেস্কঃ এইবাৰ চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী ময়ূৰী শইকীয়া। লোন পৰিশোধৰ নামত বাৰে বাৰে ফোন কৰি ভাবুকি চাইবাৰ অপৰাধীৰ। ইতিমধ্যে এই সমগ্ৰ বিষয় অৱগত কৰি পল্টনবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।

কণ্ঠশিল্পী ময়ূৰী শইকীয়াই জানিবলৈ দিয়া মতে, এসপ্তাহৰ পূৰ্বে দিল্লীৰ পৰা তেওঁলৈ ফোন কৰিছিল এগৰাকী মহিলাই। নিজকে আইচিআইচি বেংকৰ লোন বিভাগৰ পৰা কোৱা বুলি জানিবলৈ দি মহিলাগৰাকীয়ে ময়ূৰী শইকীয়াক বেংকৰ পৰা লোৱা ১ লাখ ৪০ হাজাৰ টকাৰ লোন শীঘ্ৰে পৰিশোধ কৰিবলৈ কৈছিল।

photo1662553007
এইবাৰ চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী! লোন পৰিশোধ নকৰিলে মিউজিক ভিডিঅ’ বন্ধ কৰি দিয়াৰ ভাবুকি… 3

লক্ষণীয় কথাটো হ’ল, ময়ূৰী শইকীয়াই কোনো ধৰণৰ বেংকৰ পৰা কোনো লোন লোৱাই নাছিল বুলি জানিবলৈ দিয়ে। তৎসত্বেও তেওঁলৈ ফোন কৰি লোন পৰিশোধ কৰিবলৈ কোৱাত আশ্বৰ্য ব্যক্ত কৰে কণ্ঠশিল্পীগৰাকীয়ে।

photo1662553051
এইবাৰ চাইবাৰ অপৰাধীৰ জালত কণ্ঠশিল্পী! লোন পৰিশোধ নকৰিলে মিউজিক ভিডিঅ’ বন্ধ কৰি দিয়াৰ ভাবুকি… 4

আনহাতে চাইবাৰ অপৰাধীৰ চক্ৰটো এবাৰ ফোন কৰোতেই ক্ষান্ত নাথাকি, ময়ূূৰী শইকীয়াৰ ফেচবুকৰ বন্ধু-বান্ধৱী সকললৈও ফোন কৰি ময়ূৰী শইকীয়াৰ যোগাযোগ নম্বৰ বিচৰাৰ লগতে তেওঁৰ হৈ ঋণ পৰিশোধ কৰিবলৈ ভয়-ভাবুকি প্ৰদান কৰে।

বিভিন্ন নম্বৰৰ পৰা বাৰাম্বাৰ ফোন কৰি মানসিকভাৱে হাৰাশাস্তি কৰা চাইবাৰ অপৰাধী চক্ৰটোৱে এই ঋণ পৰিশোধ নকৰিলে কণ্ঠশিল্পীগৰাকীৰ মিউজিক ভিডিঅ’ বন্ধ কৰি দিয়াৰো ভাবুকি প্ৰদান কৰে।

ৰাজ্যত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ সময়ত এনেদৰে কণ্ঠশিল্পীগৰাকীও জালত পৰাত মানসিকভাৱে ভাগি পৰা বুলি মন্তব্য কৰে ময়ূৰী শইকীয়াই। যাৰ বাবে তেওঁ পল্টন বজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।