এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ন্যায়ধীশ!

এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ন্যায়ধীশ!

April 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ ওলাল সৰিয়হৰ ডুলিতে ভূত। যেতিয়া আইন ৰক্ষকেই আইনৰ ভক্ষক হয়, তেতিয়া সমাজ আৰু ন্যায় ব্যৱস্থা কোন দিশে গতি কৰিব সেইয়া সহজেই অনুমেয়।

ন্যায় দিবৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল ন্যায়ধীশ।

এই ঘটনা বৃহস্পতিবাৰৰ দিনাৰ মহাৰাষ্ট্ৰৰ পুনেৰ। ৫০ হাজাৰ টকা উৎকোচ লৈ পুনেৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত বন্দী হ’ল ন্যায়িক দণ্ডাধীশ।

ঘটনা অনুসৰি, এজন গাখীৰৰ ব্যৱসায়ীয়ে পুনে দুৰ্নীতি নিবাৰক শাখাক গোচৰ দিয়ে যে তেওঁৰ বিৰুদ্ধে আদালতত থকা এটা গোচৰৰ নিষ্পত্তিৰ বাবে শোভাভাৰি গাইকৱাদ নামৰ এজন লোকে ২.৫ লাখ টকা দাবী কৰিছে। সেই টকাৰ ভাগ স্থানীয় ৱাদগাওঁ মাভাল আদালতৰ ন্যায়িক দণ্ডাধীশলৈয়ো যাব, যিয়ে তেওঁৰ গোচৰটো মীমাংসা কৰি দিব বুলি জানিবলৈ দিয়ে লোকজনে।

বিভাগে লোকজনৰ সেই অভিযোগৰ ভিত্তিত এক গোচৰ পঞ্জীয়ন কৰে। সেই অনুসৰি অভিযোগকাৰীৰ পৰা গাইকৱাদে ৫০ হাজাৰ টকা উৎকোচ লওঁতেই তেওঁক হাতে-লােটে ধৰা পেলাই বিভাগে আৰু এই ঘটনা সন্দৰ্ভত আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰে বিভাগে। তাৰ ভিতৰত ভানুদাস প্ৰসাদ নামৰ এজন নিলম্বিত আৰক্ষী বিষয়ায়ো আছিল।

আটাইকেইজনক সোধা-পোচা কৰি আৰক্ষীয়ে তদন্ত চলাই প্ৰমাণ কৰে সেই কাৰ্যত ন্যায়িক দণ্ডাধীশজনো জড়িত।
দুৰ্নীতি নিবাৰক শাখাৰ সহকাৰী আৰক্ষী আয়ুক্ত সীমা মেহেণ্ডালে জনোৱা অনুসৰি, “প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ অৰ্চনা জাতকাৰে আদালতত অগ্ৰিম জামিন নাকচ হোৱাৰ পিছত দুৰ্নীতি নিবাৰকৰ বিশেষ আদালতত আত্মসমৰ্পণ কৰে।”

চৰকাৰী অধিবক্তা বিলাস ঘোগাৰে পাটিলে কয়, “বিশেষ আদালতৰ অতিৰিক্ত চেচন ন্যায়ধীশ এছ আৰ নাভাণ্ডৰে অভিযুক্ত ন্যায়িক দণ্ডাধিকাৰীৰ জামিন আবেদন খাৰিজ কৰি কয় যে তেওঁৱেই এই অপৰাধৰ মূল অভিযুক্ত। সেয়েহে তেওঁক ৫ এপ্ৰিললৈকে দুৰ্নীতি নিবাৰকৰ জিম্মাত প্ৰেৰণ কৰা হল।”

লগতে চাওকঃ

ব্যতিক্ৰম! আৰক্ষী থানা গোচৰ দিবলৈ যােৱা লােকক অ’চিয়ে উপহাৰ দিয়ে গংগাজল

পূৰ্ব নিৰ্ধাৰিত বিবাহৰ বাবে অমান্তি হােৱাত বাগদত্তাৰ ঘৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এজন আৰক্ষী জােৱানে!