এইবাৰ ঈদত গো কুৰবাণী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ…

সমাগত মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ ঈদুল আজহা বা বকৰিদ।

এই মাহত পবিত্ৰ হজ সমাপন কৰিবলৈ সামৰ্থবান মুছলমানসকলে মক্কা-মদীনালৈ যাত্ৰা কৰে।

হজৰ শেষ পৰ্যায়ত হাজীসকল আৰফান ময়দানত সমাবেত হয় আৰু আৰফানৰ পিছদিনা ত্যাগৰ প্ৰতীক কুৰবাণী আদায় কৰে।

240
এইবাৰ ঈদত গো কুৰবাণী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ... 3

এই কুৰবাণীৰ বাবে উট, গৰু, ছাগলী, ম’হ, ভেড়া আদি জন্তু ব্যৱহাৰ কৰা হয়। অসমত বিশেষকৈ গৰু ব্যৱহাৰ হোৱা দেখা যায়।

p1 1
এইবাৰ ঈদত গো কুৰবাণী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ... 4

ইয়াৰ মাজতে AIUDF প্ৰধান বদৰুদ্দিন আজমলে মুছলমান সম্প্ৰদায়ৰ লোক সকললৈ জনাইছে বিশেষ আহ্বান।

এইবাৰ ঈদত গো কুৰবাণী নিদিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে।

তেওঁ কয়- গৰু এই দেশৰ সংখ্যাগৰু মানুহৰ ধৰ্মীয় আবেগৰ সৈতে জড়িত।এই অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি বিকল্প জন্তুৰ ব্যৱহাৰ আদৰণীয়।

তেওঁ কয়- সমাগত কুৰবাণী ঈদত যি জন্তু ব্যৱহাৰ কৰিলে আমাৰ পবিত্ৰ ধৰ্মীয় কৰ্তব্য আদায় হয়, আৰু কাৰো অনুভূতিত আঘাত নপৰে তেনে জন্তু ব্যৱহাৰ কৰিবলৈ মই সবিনয়ে অনুৰোধ জনাইছোঁ।

এক পত্ৰযোগে এই আহ্বান জনাইছে বদৰুদ্দিন আজমলে।