অসম
এইবাৰ আৰক্ষীৰ জালত ভুৱা CBIৰ বিষয়া, ২ লাখ টকা দাবী কৰি সোমাল ৰঙাঘৰত…

ভুৱা আৰক্ষী নহয়, এইবাৰ জালত পৰিল ভুৱা CBIৰ বিষয়া।
CBIৰ বিষয়া বুলি পৰিচয় দি এজন ব্যক্তিৰ পৰা ২ লাখ টকা দাবী কৰি ৰঙাঘৰত সোমাল দুই প্ৰৱঞ্চক।
কৰিমগঞ্জত আৰক্ষীৰ জালত পৰিছে এই ভুৱা CBI কৰ্মী।
গ্ৰেপ্তাৰ হোৱা দুই প্ৰৱঞ্চক হৈছে ৰাতাবাৰীৰ ছাগিখাউৰীৰ দিলোৱাৰ হুছেইন আৰু পাথাৰকান্দিৰ চেৰাগীৰ ৰছিদ আহমেদ।
নিজকে চিবিআই বিষয়া বুলি পৰিচয় দি ধন সংগ্ৰহ কৰাৰ সময়তে আৰক্ষীয়ে দুই প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰে।
চেৰাগীৰ এখন ৰেষ্টুৰেণ্টৰ মালিক ৰছিদ আহমেদ এই ঘটনাৰ মাষ্টাৰমাইণ্ড।
বৰ্তমানে আৰক্ষীয়ে দুয়োক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে।