এইবাৰ আৰক্ষীৰ জালত পৰিল চৰকাৰী ট্ৰেক্টৰৰ কুখ্যাত দালাল!

নিউজ ডেস্ক। এইবাৰ কৃষি বিভাগৰ দালালৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ।

দুৰ্নীতি বিৰােধী যুৱ-শক্তি, অসমৰ অভিযােগৰ ভিত্তিত ঢকুৱাখনা আৰক্ষীয়ে ধেমাজিৰ চিমেন চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰে এটা টেক্টৰৰ দালালক।

আজিৰ পৰা কেইবাবছৰ ধৰি ঢকুৱাখনাৰ মহখুলি চাপৰিৰ বাসিন্দা ডিম্বো কুমাৰ দলে নামৰ দালালজনে কেইবাজনো লোকৰ পৰা ট্ৰেক্টৰ দিয়াৰ প্ৰলোভনেৰে ব্যাপক হাৰত ধন লুণ্ঠন চলাই আহিছিল।

22

আজি ঢকুৱাখানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই দালালজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে, ডিম্বো কুমাৰ দলেৰ নামত ঢকুৱাখনা আৰক্ষী থানাৰ উপৰিও কেইবাখনো থানাত ট্ৰেক্টৰ দিয়াৰ নামত প্ৰলোভনেৰে ধন সৰকোৱাৰ অভিযোগত গোচৰ ৰুজু হৈ আছে।

এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাই গ্ৰেপ্তাৰ কৰা দালালজনক ইতিমধ্যে আৰক্ষীগৰাকীয়ে অধিক তদন্তৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

Leave a Comment