এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিঙৰ ঘটনা, ছমাহৰ বাবে বহিষ্কাৰ অস্থি ৰোগ বিভাগৰ ২ ছাত্ৰ…

এইবাৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই উদঙাইছে ন ন শিক্ষানুষ্ঠানৰ ৰেগিঙৰ অধ্যায়।

এইবাৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰি বহিষ্কাৰ হ’ল AMCH ৰ দুজন ছাত্ৰ।

মহাবিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে AMCH ৰ দুজন ছাত্ৰক।

৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয় অস্থি ৰোগ বিভাগৰ দুই ছাত্ৰক ৷

বহিষ্কাৰ হোৱা ছাত্ৰদ্বয় হৈছে- ডাঃ চয়ন মুখাৰ্জী, ডাঃ চাকেত শ্বৰাফ।

যোৱা ২০ নৱেম্বৰ তাৰিখে ছাত্ৰ দুজনক শ্ৰেণীৰ পৰা ৬ মাহৰ বাবে বহিষ্কাৰ কৰা হয়।

মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই যেতিয়া জানিব পাৰে যে ছাত্ৰ দুজনে তেওঁলোকৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰিছিল তেতিয়া এখন তদন্ত কমিটী বহুৱাই। তাৰ পিছত তেওঁলোকে ঘটনাৰ সত্য-সত্যতা প্ৰমাণ পোৱাৰ পিছতে ছাত্ৰ দুজনক বহিষ্কাৰ কৰে।