অসম

এইবাৰৰ পৰা নাথাকিব আনন্দৰাম বৰুৱা বঁটা- শিক্ষামন্ত্ৰীৰ ঘোষণা…

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা।

এইবাৰৰ পৰা নাথাকিব আনন্দৰাম বৰুৱা বঁটা।

মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে লেপটপ।

মেধাবী ছাত্ৰ-ছত্ৰীৰ বাবে থকা এই বঁটা এইবাৰৰ পৰা নাথাকে বুলি সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

উল্লেখ্য যে, অসম চৰকাৰে আনন্দৰাম বৰুৱা নগদ ধন তথা লেপটপ আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত দশম শ্ৰেণীত ১ম স্থান প্ৰাপ্ত, মেধাৱী ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল।

২০০৫ চনত এই বঁটাৰ বাবে ঘোষণা কৰা হৈছিল আৰু সেই ২০০৫ চনতে প্ৰথম বাৰৰ বাবে ১২,৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত বঁটা প্ৰদান কৰা হৈছিল।

Related Articles

Back to top button