
নিউজ ডেস্কঃ বিয়াৰ এংগেজমেণ্টৰ পিছতে হঠাৎ গুৱাহাটীত উপস্থিত হ’ল দেশৰ অন্যতম ধনাঢ্য মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী।
সোমবাৰে শক্তিপীঠ মা কামাখ্যা ধাম দৰ্শনৰ বাবে গুৱাহাটীত উপস্থিত হয় অনন্ত আম্বানী।
আম্বানী পুত্ৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে পোনে যায় কামাখ্যা ধামলৈ।
মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা আগবঢ়ায় অনন্ত আম্বানীয়ে।
বাতৰি অনুসৰি, আম্বানী পূত্ৰই মা কামাখ্যা ধামত ২৯ যোৰ পাৰ চৰাই আৰু ৫ টা ছাগলী দান দিয়ে।
উল্লেখ্য যে, যোৱা ১৯ জানুৱাৰীত সুন্দৰী ৰাধিকা মাৰ্চেণ্টৰ সৈতে সম্পন্ন হৈ গৈছে অনন্ত আম্বানীৰ এংগেজমেণ্ট।