উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল মহানগৰী, সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ’ল ৪৮ টা গোচৰ…

বৃহস্পতিবাৰে উলহ-মালহেৰে ৰাজ্যবাসীয়ে পালন কৰিলে উৰুকা।

সকলোৱে মিলি লগেভাগে ললে ভোগালীৰ আনন্দ।

এইবাৰ উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল গুৱাহাটী মহানগৰী।

GMCH ত ভৰ্তি ন’হল কোনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোক।

ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহন বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান।

মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ’ল ৪৮ টা গোচৰ।

আনহাতে মহানগৰীত সৰ্বমুঠ গোচৰ ৰুজু হ’ল ৫৯৬ টা।

সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ’ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ।

পৰিবহন বিভাগে বাতিল কৰিলে সুৰাপায়ী চালকৰ কেইবাখনো লাইচেন্স।

এই খবৰ এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হ’ল মহানগৰবাসীৰ বাবে।

উল্লেখ্য যে, উৰুকাৰ নিশা মহানগৰীত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

Leave a Comment