
নিউজ ডেস্ক। বিহাৰৰ পাটনা বিমানবন্দৰত পুনৰ অঘটন।
কিছুদিন পূৰ্বে স্পাইচজেটৰ বিমানৰ ইঞ্জিনৰ জুইৰ বাবে বিমানৰ জৰুৰী অৱতৰণৰ ঘটনাৰ পিছত শনিবাৰে পুনৰ এক সম্ভাব্য অঘটনৰ পৰা ৰক্ষা পৰে পাটনা বিমানবন্দৰ।
উৰণৰ সময়তে পাটনাৰ পৰা গুৱাহাটী অভিমুখী বিমানখনত যান্ত্ৰিক বিজুতিৰ বাবে বাতিল কৰা হ’ল বিমানৰ উৰণ।
জানিব পৰা মতে, স্পাইচজেটৰ এছ চি ৩৭২৪ বিমানখন পাটনাৰ পৰা গুৱাহাটীলৈ উৰা মৰাৰ কথা আছিল যদিও বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে উৰণৰ প্ৰাকমুহূৰ্ততে ৰাণৱেত ৰখাই দিয়া হয়।
Patna, Bihar | SpiceJet Q400 aircraft was operating flight SG-3724, sector PAT-GAU. During take-off roll, the fuselage door warning light was illuminated. Subsequently, the take-off was rejected and the aircraft returned to bay: SpiceJet Spokesperson pic.twitter.com/xn1PzxURMK
— ANI (@ANI) June 25, 2022
ইয়াৰ পিছতে বিমানখনত থকা সকলাে যাত্ৰীকে নমাই দিয়ে বিমান কৰ্তৃপক্ষই।
বিমানখনৰ কাৰিকৰী বিজুতিৰ মেৰামতিৰ পিছতে পুনৰ গুৱাহাটীলৈ উৰা মাৰিব বুলি যাত্ৰীসকলক অৱগত কৰে কৰ্তৃপক্ষই।