উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ACS বিষয়া কে কে শৰ্মাক পাঁচদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ…

ঘোচখোৰ ACS বিষয়া কে কে শৰ্মাক পাঁচদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ প্ৰেৰণ।

শুকুৰবাৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল অসম চৰকাৰৰ যুটীয়া সচিব শৰ্মা।

শনিবাৰে গুৱাহাটীৰ এখন বিশেষ আদালতত হাজিৰ কৰোৱাৰ পিছতে কে কে শৰ্মাক পাঁচ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে শুকুৰবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই ৯০ হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল।

এখন ছিকিউৰিটী ফাৰ্মৰ অনুজ্ঞা পত্ৰ নবীকৰণৰ নামত লৈছিল উৎকোচ।

গ্ৰেপ্তাৰৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গুৱাহাটীৰ ৰুক্মীণিগাঁওস্থিত শৰ্মাৰ বাসগৃহত অভিযান চলাই প্ৰায় ৪৯,২৪,৭০০ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল।