উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস…

ৰাজ্যত যেন চলিছে ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা।

ইজনৰ পিছত সিজন চৰকাৰী বিষয়া হাতে লোটে গ্ৰেপ্তাৰ হোৱাৰ পিছতো উৎকোচ ল’বলৈ এৰা নাই একাংশ বিষয়া কৰ্মচাৰী।

বৃহস্পতিবাৰে পুনৰ ঘোচ লৈ জালত পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী।

image 81
উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস... 2

তামুলপুৰৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক হাতে লোটে গ্ৰেপ্তাৰ।

ঘোচখোৰ কৰ্মচাৰীজন হৈছে গোপীনাথ দাস।

উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে গোপীনাথ দাসক।