উৎকােচ লৈ ধৰা পৰা এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাৰি বছৰৰ কাৰাদণ্ড আদালতৰ

April 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এজন ব্যক্তিৰ পৰা নগদ ২੦ হাজাৰ টকা উৎকােচ লৈ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা এচিএছ বিষয়া নন্দিতা কোঁৱৰক ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে বিশেষ আদালতে।

উল্লেখ্য যে ৮ অক্টোবৰ, ২০১৫ তাৰিখে অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাই নগদ ২੦ হাজাৰ টকাৰ উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে গ্ৰেপ্তাৰ কৰিছল কােঁৱৰক।

সেই সময়ত কামৰূপ (মেট্ৰ’)ৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক হিচাপে কৰ্মৰত আছিল কোঁৱৰ।

ভুক্তভােগী লােকজনৰ অভিযােগৰ ভিত্তিতে গুৱাহাটীৰ চান্দমাৰীত থকা কােঁৱৰক কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অভিযানকাৰী দলটােৱে।

অভিযােগ অনুসৰি, দুৰ্গা সৰোবৰ উন্নয়ন সমিতি নামৰ এটা বেচৰকাৰী সংস্থাৰ উপদেষ্টা পূৰ্ণ চেত্ৰী নামৰ লােকজনৰ পৰা ২০,০০০ টকা উৎকােচ গ্ৰহণ কৰিছিল বিষয়াগৰাকীয়ে।

সম্প্ৰতি নন্দিতা কোঁৱৰ চৰকাৰী চপাশালত উপ-সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিল।

উল্লেখ্য যে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিহাৰ-ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত দেবানন্দ কােঁৱৰৰ জীয়ৰী নন্দিতা কােঁৱৰ।

লগতে চাওকঃ

হাতী পোৱালিক কান্ধত তুলি উদ্ধাৰ কৰা বনৰক্ষীক ‘বাহুবলি’ৰে তুলনা জ্যেষ্ঠ বন বিষয়াৰ!