উৎকােচ লৈ গ্ৰেপ্তাৰ হােৱা এচিএছ বিষয়া কিষাণ কুমাৰ শর্মাক নিলম্বন

নিউজ ডেস্ক। অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল উৎকােচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হােৱা ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কিষাণ কুমাৰ শৰ্মা।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জ্যেষ্ঠ এচিএছ বিষয়াগৰাকীক নিলম্বন কৰাৰ কথা এক নিৰ্দেশনাৰ যোগেদি সদৰী কৰে।

FgLC VbagAER2rz
উৎকােচ লৈ গ্ৰেপ্তাৰ হােৱা এচিএছ বিষয়া কিষাণ কুমাৰ শর্মাক নিলম্বন 3

উল্লেখ্য যে নিলম্বিত বিষয়াগৰাকীক দুৰ্নীতি আৰু তদাৰকী শাখাই যোৱা ২৮ অক্টোবৰৰ নিশা গুৱাহাটীৰ নিশা বাসগৃহত উৎকোচৰ ধনসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল।

এটা ছিকিউৰিটী এজেন্সীৰ পঞ্জীয়নপত্ৰ নৱীকৰণৰ নামত ৯০ হোজৰ টকা উৎকোচ লৈছিল কিষাণ কুমাৰ শৰ্মাই।

তাৰ পাছদিনা ঘোচখোৰ বিষয়াগৰাকীৰ বাসগৃহৰ পৰাই তালাচী অভিযান চলাই দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই প্রায় ৪৯ লাখ ২৪ হাজাৰ ৭੦੦ টকা জব্দ কৰিছিল ৷

FgNe3MoaUAEEylz
উৎকােচ লৈ গ্ৰেপ্তাৰ হােৱা এচিএছ বিষয়া কিষাণ কুমাৰ শর্মাক নিলম্বন 4

ইফালে ঘোচখোৰ বিষয়াগৰাকীৰ বিৰুদ্ধে দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই ১৯৮৮ বৰ্ষৰ পি চি এক্টৰ ৭(এ) ধাৰাত ৫১/২২ নম্বৰত ৰুজু কৰাৰ গোচৰ তৰে।

ৰাজ্য চৰকাৰে ঘোচখোৰ বিষয়াগৰাকীক উক্ত গোচৰৰ আধাৰতে ২৯ অক্টোবৰৰ পৰা পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে ।