উৎকােচ প্ৰত্যাখ্যান কৰি ৪੦ কােটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা দুই গৃহৰক্ষী জােৱানক ডিজিপিৰ পুৰস্কাৰ

নিউজ ডেস্কঃ উৎকোচৰ প্ৰস্তাৱ অস্বীকাৰ কৰি প্ৰায় ৪০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি সততা আৰু কৰ্তব্য নিষ্ঠাৰ পৰিচয় দিয়া গৃহৰক্ষী জোৱান অনুপম মালাকৰ আৰু জাছিমুদ্দিনক পুৰস্কৃত কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে সৰবৰাহকাৰীক কৰাতত্ত কৰাত আৰক্ষীক সহযোগ কৰা গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিত পালকো বুধবাৰে পুৰস্কৃত কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

9e3420b8 7d3b 45f3 9655 c20067eeb338

দৰাচলতে যোৱা ১৭ জানুৱাৰীত কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নিছিন্তপুৰ অঞ্চলৰ সমীপত এখন বাহনৰ পৰা বৃহৎ পৰিমানৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল দুই গৃহৰক্ষী জোৱান অনুপম মালাকৰ, জাছিমুদ্দিন আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিয় পালে।

সেই সময়ত অঞ্চলটোত কৰ্তব্য সম্পাদন কৰি থকা গৃহৰক্ষী জোৱানদ্বয়ে এএছ ১০এ ৬৪৮৭ নম্বৰৰ এখন সন্দেহজনক বাহন প্ৰত্যক্ষ কৰি ৰখাবলৈ ইংগিত দিয়ে যদিও চালকে অধিক দ্ৰুতবেগত সেই স্থানৰ পৰা পলায়নৰ চেষ্টা চলায়।

f09da9c2 707b 4988 bc43 e0e2797d0b42

ইয়াৰ পিছতে সন্দেহ অধিক ঘণীভূত হোৱা গৃহৰক্ষী জোৱান দুগৰাকীয়ে বাহনখনৰ পিছা কৰি বহু চেষ্টাৰ অন্তত বাহনখন জব্দ কৰাৰ লগতে চালক হাদিউছ জামানক আটক কৰিবলৈ সক্ষম হয়।

গৃহৰক্ষী জোৱানদ্বয়ে লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় মেইজবাগাগুল গাঁওৰক্ষী বাহিনীক অৱগত কৰাত ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিয় পাল।

ইফালে আটকাধীন চালকজনে বাহনখনৰ লগতে তাক মুকলি কৰি দিয়াৰ বাবদ তিনিওকে ১৫-২০ লাখ টকাকৈ উৎকোচ দিয়াৰ চেষ্টা চলায় যদিও গৃহৰক্ষী জোৱানদ্বয়ে সেই প্ৰস্তাৱ মানি নলৈ কৰিমগঞ্জ আৰক্ষী থানাত খবৰ দিয়ে।

3c76a0af 05bc 451a 9311 7d39d58339e8

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী অধীক্ষকৰ লগতে উপ-আৰক্ষী অধীক্ষক, কৰিমগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহনখনত ৪টা বস্তাত লুকুৱাই অনা ৭,৫৯,২০০ টা য়াবা/ মেথামফেটামাইন টেবলেট জব্দ কৰে।

জব্দকৃত নিষিদ্ধ টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা হ’ব বুল অনুমান কৰা হৈছে।

অন্যহাতে কেইবালাখ টকাৰ উৎকোচৰ প্ৰলোভনত ভোল নগৈ সততা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰা গৃহৰক্ষী জোৱান অনুপম মালাকৰ আৰু জাছিমুদ্দিনৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিয় পালক ৫০ হাজাৰ টকা আৰু এখনকৈ প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।

আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত তেওঁলোকক পুৰস্কৃত কৰাৰ সময়ত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিং, বিশেষ আৰক্ষী সঞ্চালক প্রধান (প্রশাসন) হৰমিত সিঙৰ উপৰি আৰক্ষী মহাপৰিদৰ্শক (প্রশাসন) নিতুল গগৈও উপস্থিত থাকে।