নিউজ ডেস্কঃ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। পূবৰ আকাশত খাওখাওকৈ ওলোৱা বেলিটোৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া একমাত্ৰ উপায় শীতল পানীৰে দেহ-মন শাত পোলোৱা। আৰু সেইবাবেই বাক্সা জিলাৰ নিকাচিৰ দাৰাগাঁৱলৈ সোঁত বৈছে অগণন পৰ্যটকৰ।
অনাবিল প্ৰকৃতিৰ মাজত জিৰি জিৰি কৈ বোৱা নিজৰৰ শীতল পানীত দেহ শাত পেলাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অলেখ পৰ্যটকে ভিৰ কৰিছে দাৰাগাঁৱত।
ভাৰত-ভূটান সীমান্তৰ এই মনোমহা ঠাইত উৎকট গৰমৰ পৰা নিষ্ঠাৰ পোৱাৰ লগতে মহানগৰীৰ কোলাহলপূৰ্ণ জীৱনৰ পৰাও কিছুসময় আঁতৰি থকাৰ সুযোগ লাভ কৰিছে পৰ্যটকসকলে।
উল্লেখ্য যে, কেৱল গৰমৰ দিন সমূহতে নহয়, জাৰৰ দিনতো দাৰাগাঁৱৰ এই প্ৰাকৃতিক শোভা চাবলৈ ভিৰ কৰে অগণন লোকে।
বাক্সা জিলাৰ বৰমাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰে মুছলপুৰ-নিকাচি পথৰে প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত দাৰাগাঁওলৈ পৰ্যটকৰ যিমানেই ভিৰ লাগিছে সিমানেই এই ঠাইসমূহ অপৰিস্কাৰ হোৱাৰ আশংকা বৃদ্ধি পাইছে।
যাৰ বাবে বড়ো আৰু নেপালী জনজাতি অধ্যুষিত প্ৰকৃতিৰ ৰম্যভূমিখনি পৰিস্কাৰ কৰি ৰাখিবলৈ পৰ্যটকসকলক আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী আৰু অঞ্চলবাসীয়ে।
2 thoughts on “উৎকট গৰমৰ পৰা অলপ পৰিত্ৰাণ! বাক্সাৰ দাৰাগাঁৱলৈ ঢাপলি মেলিছে অগণন পৰ্যটকে”
Comments are closed.