উশাহ লোৱাত কষ্ট পোৱা মহিলাৰ বাবে অক্সিজেন বিচাৰি গৈ দুৰ্ঘটনাত ৫ জনৰ মৃত্যু

May 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সোমবাৰে দুপৰীয়া এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰত।

অক্সিজেনৰ দ্বাৰা এগৰাকী মহিলাৰ জীৱন বচাবলৈ গৈ মৃত্যু হল মুঠ ৫ জনৰ। আনহাতে গুৰুতৰভাৱে আহত হ’ল এজন।

মহিলা গৰাকীয়ে উশাহ লোৱাত কষ্ট অনুভৱ কৰিছিল আৰু তেওঁয়ো এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই। দুৰ্ঘটনাটোত মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামী, পুত্ৰ, দেৱৰ আৰু গাড়ীখনৰ চালক জনৰ মৃত্যু হয়।

ঘটনা অনুসৰি, ছাহজাহানপুৰৰ নিগহীৰ ৰধুলা গাৱঁৰ নিবাসী জমুকা দেৱীয়ে দেওবাৰৰ পৰা উশাহ লোৱাত কষ্ট অনুভৱ কৰিছিল। সেয়েহে সোমবাৰে পোৱা পৰিয়ালৰ লোকে তেওঁক বেৰেলীৰ চিকিৎসালয়লৈ লৈ গৈছিল।

কিন্তু তাত অক্সিজেনৰ অভাৱ হোৱাত তেওঁলোকে আন চিকিৎসালয় বিচাৰি আহে। সেই অনুসৰি ছাহজাহানপুৰৰ বন্থৰা গাৱঁৰ ৰহেলখণ্ড চিকিৎসা মহাবিদ্যালয়লৈ অক্সিজেন বিচাৰি যাওঁতে পথতে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয়।

গাড়ীখনত আছিল জমুকা দেৱী, স্বামী নৰেশ ৰাথুৰ, দেৱৰ হীৰালাল, পুত্ৰ, জোঁৱাই আৰু গাড়ীৰ চালকজন। দুৰ্ঘটনাটোত ৫ জন থিতাতে নিহত হয় আৰু এজনক সংকটজনক অৱস্থাত চিকিৎসা মাবিদ্যালয়লৈ লৈ যোৱা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু উপস্থিত লোকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ্য যে জমুকা দেৱীয়ে দেওবাৰে উশাহ লোৱাত কষ্ট পাইছিল যদিও তেওঁৰ দেহত কভিড পজিতিভ ধৰা পৰা নাছিল। কিন্তু পৰিয়ালৰ লোকৰ মতে সেইয়া কভিডৰ লক্ষণ। সেয়েহে দেওবাৰেই তেওঁলোকে স্থানীয় চিকিৎসালয়ত অক্সিজেন বিচাৰিছিল যদিও লাভ কৰা নাছিল অক্সিজেন।

লগতে চাওকঃ

কন্যাৰ বিবাহৰ পৰা উভতি আহোঁতে মাতৃ, ভাতৃ আৰু বৌৱেকৰ পথ দুৰ্ঘটনাত মৃত্যু