
নিউজ ডেস্ক। ডিমা হাচাওৰ উমৰাংচুৰ খানদাং জলবিদ্যুৎ প্ৰকল্পত জলবিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱা নীপকোৰ ৩ কৰ্মচাৰীৰ মৃতদেহ দেওবাৰে চমজি ল’লে তেওঁলোকৰ পৰিয়ালে।
এক শোকাকুল পৰিৱেশত পৰিয়ালৰ লোকে চমজি লয় প্ৰকল্পটোত কৰ্মৰত জ্যেষ্ঠ প্ৰকল্প প্ৰৱন্ধক জয়ন্ত হাজৰিকা, কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত অনুপম শইকীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰী ডেমিৰাজ জহৰীৰ মৃতদেহ।

উল্লেখ্য যে, শনিবাৰে প্ৰকল্পটোত প্ৰাণ হেৰুওৱা নীপকোৰ বিষয়া জয়ন্ত হাজৰিকাৰ ঘৰ ডিগবৈত। আনহাতে অভিযন্তা অনুপম শইকীয়া যোৰহাটৰ নিৱাসী হোৱাৰ বিপৰীতে ডেমিৰাজ জহৰী আছিল ডিমা হাচাওৰ বাসিন্দা।
দেওবাৰে উমৰাংচুৰ গৰমপানী হাস্পতালত তেওঁলোকৰ মৃতদেহ চমজি লৈ শোকত ভাগি পৰে পৰিয়ালবৰ্গ।
জানিব পৰা মতে, জলবিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা প্ৰকল্পটোৰ মেৰামতিৰ কাম পুনৰ পূৰ্ণদ্যমে চলাই থকা হৈছে।
অৱশ্যে বৰষুণৰ প্ৰভাৱত পানীৰ স্তৰ কিছু বৃদ্ধি পোৱাৰ আশংকাও কৰা হৈছে। প্ৰকল্পটোৰ ভালভ হাউছটো হেলনীয়া হৈ পৰা বুলি জানিব পৰা গৈছে।
লগতে চাওকঃ
চাৰ্জিঙৰ সময়ত ইলেক্ট্ৰিক স্কুটাৰত বিস্ফােৰণ! পিতৃ-কন্যাৰ মৃত্যু
