উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুলৈ অসম চৰকাৰৰ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা’

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুলৈ অসম চৰকাৰৰ ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা’।

অসম চৰকাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক ‘ৰাষ্ট্ৰীয় একতা ৰাষ্ট্ৰীয় অৱদান’ৰ বাবে গোপীনাথ বৰদলৈ বঁটাৰে সন্মানিত কৰিব।

৩ অক্টোবৰত এক অনুষ্ঠানৰ জৰিয়তে উপ-ৰাষ্ট্ৰপতিগৰাকীক এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

এই বঁটাত থাকিব নগদ ৫ লাখ টকা আৰু এখন প্ৰসস্তিপত্ৰ।

শুকুৰবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই বঁটাটি দ্বিবাৰ্ষিক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Leave a Comment