উপ নিৰ্বাচনঃ ৩০ অক্টোবৰত ৫ সমষ্টিত স্থানীয় বন্ধ ঘোষণা…

৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন।

উপ-নিৰ্বাচনৰ বাবে অসমৰ পাঁচটা সমষ্টিত অহা ৩০ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰা হৈছে।

এক চৰকাৰী জাননী অনুসৰি, গোসাঁইগাঁও, ভবানীপুৰ তামুলপুৰ, মৰিয়নি আৰু থাওৰা  সমষ্টিৰ ভিতৰত চৰকাৰী, বেচৰকাৰী, স্থানীয় সংস্থা, শিক্ষা প্ৰতিষ্ঠান, বেংককে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান, চাহ বাগান আৰু উদ্যোগৰ লগতে আন আন প্ৰতিষ্ঠান আদিক বেতনযুক্ত বন্ধ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ভোটদানৰ সুবিধা প্ৰদানৰ উদ্দেশ্য এই বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত মুঠ ৭,৯৬,৪৫৬ জন যোগ্য ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

প্ৰায় ৮ লাখ ভোটাৰে ৩০ অক্টোবৰত ৩১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।  

Leave a Comment