fbpx
ৰাষ্ট্ৰীয়অসমীয়া

উপায়ুক্তৰ পোহনীয়া গৰুৰ যত্ন ল’বলৈ দায়িত্ব অৰ্পণ ৭ পশু চিকিৎসকক! ভাইৰেল নিৰ্দেশনা পত্ৰ

নিউজ ডেস্ক। সামাজিক মাধ্যমত হঠাতে ভাইৰেল হ’ল এটা চৰকাৰী নিৰ্দেশনা পত্ৰ।

এগৰাকী জিলা উপায়ুক্তৰ গৰুৰ যত্ন ল’লৈ জিলা পশু চিকিৎসা বিষয়াই জাৰি কৰিলে এই নিৰ্দেশনা পত্ৰ।

নিৰ্দেশনা পত্ৰটােত ৭ গৰাকীকৈ পশু চিকিৎসকক গাইজনীৰ দায়িত্ব ল’বলৈ বিভাগীয়ভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে।

এই নিৰ্দেশনা পত্ৰ ভাইৰেল হোৱাৰ পিছতেই উত্তৰ প্ৰদেশৰ ফতেহপুৰত চৰকাৰী সা-সুবিধাৰ অপব্যৱহাৰৰ এটা ঘটনা পোহৰলৈ আহিছে।

লক্ষণীয়ভাৱে, ফতেহপুৰৰ মুখ্য পশু চিকিৎসা বিষয়া ডাঃ এছ কে তিৱাৰীয়ে সপ্তাহৰ প্ৰতিটো দিনৰ বাবে এজনকৈ, সাতজন চিকিৎসকক বিষয়া অপূৰ্বা দুবেৰ গৰুৰ চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিছে।

FVC2td1UcAAWOP7

সপ্তাহটোৰ প্ৰতিটো দিনৰ বাবে সাতজন পশু চিকিৎসকৰ তালিকা প্ৰস্তুত কৰি বিজ্ঞপ্তিটোৰ যোগেৰে তেওঁ কয় যে , “জিলা দণ্ডাধীশ মহাশয়াৰ গৰুৰ চিকিৎসাৰ বাবে, নিম্নলিখিত পশু চিকিৎসা বিষয়াসকলৰ কৰ্তব্য প্ৰতি ৰাতিপুৱা আৰু সন্ধিয়া জাৰি কৰা হয়।”

FVCmKlWaMAAUUFo

চিকিৎসকসকলে কেৱল উপায়ুক্তৰ গৰুৰ চোৱাচিতাই নহয়, তেওঁলোকে প্ৰত্যেকে কিদৰে চােৱাচিতা কৰিছিল তাৰ প্ৰতিবেদনো দাখিল কৰিব লাগিব।

বিজ্ঞপ্তিটোৰ জৰিয়তে জিলা চিকিৎসা বিষয়া গৰাকীয়ে ডাঃ দিনেশ কুমাৰক সংশ্লিষ্ট চিকিৎসকসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আৰু তেওঁলোকে কৰা কামৰ অনুসৰণ কৰি প্ৰতিদিনে সন্ধিয়া ৬ বজাত চিভিঅ’ৰ কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

বিজ্ঞপ্তিখনৰ শেষত, “উক্ত কামত শিথিলতা অক্ষমণীয়” বুলিও উল্লেখ কৰা আছে।

৯ জুনত দাখিল কৰা বিজ্ঞপ্তিখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰাৰ পিছতে সৰ্বত্ৰ বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে, সৰ্বত্ৰে প্ৰতিক্ৰিয়া হােৱাৰ পিছতে জিলা উপায়ুক্তৰাকীয়ে স্পষ্টীকৰণ দি সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনা তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ চলােৱা এক অপচেষ্টা মাত্ৰ। তেওঁ লগতে কয় যে মােৰ বাসগৃহত গৰু বা অন্য কােনাে পােহনীয়া জন্তু নাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!