fbpx
অসমঅসমীয়া

উপায়ুক্তৰ অনুমতি অবিহনে কোনো চৰকাৰী চাকৰিয়ালে এৰিব নোৱাৰিব জিলাঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। অহা জুন মাহৰ ভিতৰত ৰাজ্যত নিযুক্তি দিয়া হ’ব ১৬ হাজাৰ শিক্ষকক।

বিধানসভাত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৱশ্যে টেট উত্তীৰ্ণ হোৱা মানেই চাকৰি পোৱা নুবুজায় বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে কোনো চৰকাৰী চাকৰিয়ালে উপায়ুক্তৰ অনুমতি অবিহনে জিলা এৰি যাব নোৱাৰে বুলিও বিধানসভাত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

G8 6

তেওঁ উদাহৰণ দি কয় যে দৰঙত চাকৰি কৰা কোনো চাকৰিয়ালে সন্ধিয়া গুৱাহাটীলৈ আহিব নোৱাৰিব। যদি কোনোবাই তাৰ ভিডিঅ’ বনাই, তেন্তে চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই সংখ্যালঘু প্ৰধান সমষ্টিত বিদ্যালয়-মহাবিদ্যালয় স্থাপনত অধিক গুৰুত্ব প্ৰদান কৰি কয়, ‘সংখ্যালঘু প্ৰধান সমষ্টিত স্কুল-কলেজ বঢ়াব লাগিব৷ ছাত্ৰীৰ পঢ়াত গুৰুত্ব দিব লাগিব৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কালত আমি এই কামবোৰ কৰিব লাগিব৷’

চৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘মানুহখিনি ওলাই আহিলে মনবোৰ আধুনিক হ’ব৷ প্ৰতিটো সমষ্টিত মডেল স্কুল স্থাপন কৰিব বিচাৰিছো৷ আপোনালোকে তালিকা দিয়ক৷ ৰাইজে ভাল পাব৷’

লগতে চাওকঃ

বিশ্বৰ ভিতৰতে বৃহত্তম মন্দিৰৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান গুৱাহাটীৰ মুছলমান ব্যৱসায়ীৰ

G1 42

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!