উন্মোচিত হ’ল কাব্যঋষি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিৰ ৰহস্য, চিঠিত কি লিখি গৈছিল…

উন্মোচিত হ’ল কাব্যঋষি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিৰ ৰহস্য।

সংবাদমেলত নিত্য বৰাই খুলিলে কাব্যঋষিৰ বিশেষ চিঠিখন।

চিঠিৰ শিৰোনাম ‘অন্য এক কলংকিত অধ্যায়’।

‘অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে’ শীৰ্ষক চিঠিখনত নীলমণি ফুকনে লেখিছে – মৰমৰ নিত্য, অসমীয়া প্ৰতিদিনত ২৫ জুন, ২০০৪ত ওলোৱা ‘অন্য এক কলংকিত অধ্যায় আৰু কবি নীলমণি ফুকন প্ৰসংগ’ শীতানৰ প্ৰৱন্ধটো পঢ়ি অসমীয়া সাহিত্যত সেইটো এটা অদৃষ্টপূৰ্ব ঘটনা । জনাত এনে গৰ্হিত কাম পৃথিৱীৰ সাহিত্যিক সমাজত ক’তো কোনেও কাহানিও কৰা নাই । তেনে কাম কৰা কপোতীয়া ৰুগ্ন মানসিকতাৰ মানুহ কোনো সাহিত্যিক সমাজতেই বোধহয় নোলাব । মই এতিয়া আকৌ সেই গেলা ওকটিবলৈ ওলোৱা নাই, যিটো মোৰ স্ভবাৱ নহয় ।

আজিৰ পৰা ৩০ বছৰৰ আগতেই মোৰ লেখক জীৱনৰ এই কলংকিত অধ্যায়টো; – সংজ্ঞাৰ প্ৰস্তাৱনা সংখ্যাতেই (মাৰ্চ-এপ্ৰিল : ১৯৭৫ত) – অসমত কাব্য চৰ্চা : এটা দু:স্বপ্নৰ অভিজ্ঞতা” নামৰ এটা প্ৰৱন্ধৰে সামৰণি মাৰিলো । মোৰ ক’বলগীয়া খিনি তাতেই কোৱা হ’ল; দুই-এক কথা ক’বলৈ থাকিল, সৎ নগ’ল ।

দুজন মোৰ শুভাকাংক্ষী, বিদগ্ধ বিদ্যানে ” আমাৰ প্ৰতিনিধিৰ কাণ্ডটো মোক আওকান কৰিবলৈ কৈছিল, মই আওকাণ কৰিবলৈ টান পালো । মোৰ বিৰুদ্ধে জনৈক মৃদুপৱন বৰুৱাই তোলা অভিযোগটো গুৰুতৰ, লেখক হিচাপে মোৰ নীতি-নিষ্ঠা, বিবেক আৰু সততাৰ কথাটো তাত জড়িত হৈ আছে । লেখক এজনৰ বাবে সততাৰ, বিবেকৰ কথাটো সামান্য কথা নহয় । আমাৰ নিচিনা এখন সমাজত এজন মানুহ যিমান দূৰ সৎ হৈ থাকিব পাৰে সিমানখিনি সৎ হৈ থাকিবলৈ মই আপ্ৰাণ চেষ্টা কৰি আহিছো । কেতিয়াবাই পঢ়া হোৰেছৰ এফাকি কথা এতিয়াও মনত ৰাখি থৈছো । যিজন কবি, শিল্প সম্বন্ধে বিবেকবান, তেওঁ সততেই আত্ম সমালোচনাত পৱিত্ৰ হয় । বহু সহ্য কৰিব নলগীয়া কথা সহ্য কৰি আহিছো । সহিলে সম্পদ, কিন্তু আমাৰ প্ৰতিনিধিৰ উদ্ভৎ কাণ্ডটো সহ্য কৰি মনে মনে থাকিব নোৱাৰিলো । সহ্য কৰি থকাটো মোৰ কাৰণে ভয়ংকৰ যন্ত্ৰণাদায়ক হ’ল হেতেন । কবিতাও শেষ হ’লহেতেন । শেষত গৈ জীৱনটো হ’লগৈ হেতেন এডোখৰ জগা কাঠ । সেই ভাবিয়েই মই প্ৰতিবাদৰ পথ লৈছিলো । মোক সাহ দিছিল ভবেন বৰুৱাই । মোৰ সততাত বিশ্বাস আছিল তেওঁৰ । কৈছিল ভয় নকৰিব, আপুনি যেতিয়া সৎ পথত আছে নহ’লে হেৰুৱাই পেলাব আপোনাৰ লিখাৰ প্ৰেৰণা, শক্তি আৰু লেখক হিচাপে, মানুহ হিচাপে জীয়াই থকাৰ আনন্দ ।”

এই পত্ৰত প্ৰত্যক্ষভাৱে তেওঁ কাৰো নামেই লোৱা নাই । কেমিনোৰ কবিতাৰ প্ৰভাৱ পৰা বুলি অপপ্ৰচাৰ কৰা সকলক তেওঁ চিনাক্ত কৰিলেও সেইবোৰ কথা প্ৰত্যক্ষভাৱে কাৰোবাৰ গাত দিয়া নাই । মাথো উল্লেখ কৰি গৈছে সেই সময়ৰ যন্ত্ৰণা।

সমালোচক প্ৰদীপ আচাৰ্যক তেওঁ মুকলিকৈ সুধিছিল আপুনি অসমীয়া সাহিত্যৰ বুৰঞ্জীত “মোৰ টোপনিতে, তেওঁ মোক খেদি ফুৰিছিল” নামৰ কবিতাটোত স্পেনিছ কবি কেমিনোৰ প্ৰভাৱ পৰা বুলি কিয় লিখিলে ? কেমিনোৰ সেই কবিতা ক’ত বুলি তেওঁ সুধিছিল আচাৰ্যক। টাবুৰাম টাইদক তেওঁ এখন দৰ্খাস্ত দিছিল। তেতিয়া তেওঁ আছিল এবিলাকৰ সচিব। হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল অসমীয়া সাহিত্য বুৰঞ্জীৰ শ্ৰেষ্ঠ খণ্ড। তাতেই অসমীয়া কবিতাৰ কুৰিটা বছৰ শীৰ্ষক প্ৰৱন্ধত প্ৰদীপ আচাৰ্যই স্পেনিছ কবি কেমিনোৰ প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰিছিল।

বিতৰ্কৰ ওৰ পৰা বুলি ভাবিলেও ১৯৯৩ চনত প্ৰকাশ পোৱা এই লেখাই তেওঁক ব্যস্ত কৰিছিল।

সেয়েহে এবিলাকৰ সচিব টাবু টাইদক লগ পাই এই কথা কৈছিল। তেৱেই এখন আবেদন দি এই কথা প্ৰকাশ কৰিবলৈ কেছিল নীলমণি ফুকনক। তাৰ কেইবামাহ মানৰ পাছত এবিলাকৰ এখন কাৰ্যনিৰ্বাহক সভাত চিঠি খনৰ প্ৰসংগত কি সিদ্ধা‍ন্ত হ’ল জানিবলৈ বিচাৰিছিল।

কোনো এজন কাৰ্যনিৰ্বাহক সদস্যই কথাটোত গুৰুত্ব নিদিলে। একো আলোচনাই নহ’ল। চিঠিৰ মতে, কেৱল ‘নৱকান্ত বৰুৱা’ই ক’লে তেওঁ কৰ’বাত পাইছে। ক’ত পাইছে জানিব বিচৰাত সেইয়া তেওঁ ক’ব নোৱাৰিলে বুলি চিঠিত উল্লেখ কৰা আছে।

পত্ৰখনত নীলমণি ফুকনে সেই কথা উল্লেখ কৰিছে যে, সেইদিনা উপস্থিত থকা কোনো এজন সদস্যই মোৰ কথাটোত তিলমানো গুৰুত্ব নিদিলে। চিঠিখনৰ একো আলোচনাই নহ’ল।

কেৱল ‘নৱকান্ত বৰুৱা’ই ক’লে, “তেওঁ কৰ’বাত পাইছে”। মই ক’লো ক’ত পাইছে, সেইটো ক’লেই দেখোন হয়। পেঘেনীয়াই থাকিবলৈ মন নহ’ল। শ্ৰী আচাৰ্যই শ্ৰী টাইদৰ চিঠিখনৰ উত্তৰ দিছিল নে নাই, দিছিল যদি কি দিছিল আজিলৈকে নাজানিলো। তাৰ পাছত প্ৰথমতে আগ্ৰহ দেখুৱাই পিছত শ্ৰী টাইদেও মূৰ পোলোকা মাৰিলে ।

শেষত তেওঁ লোখিছে সেই সময়ত তেওঁক কিদৰে নিৰ্যাতন চলোৱা হৈছিল। চোৰধৰা আৰু ঘোষ্ট ৰাইটাৰ নামৰ এখন ব্যংগ নাটিকাও ওলাইছিল আমাৰ প্ৰগতি নামৰ আলোচনীখনত ।

নীলমণি ফুনকে শেষৰ ফালে চিঠিখনত লিখিছিল যে “আমাৰ প্ৰগতিৰ সেই সংখ্যাটো সদাশয় কোনো লোকে ৰং চাবলৈ বুলি মোলৈ ডাকত পঠিয়াই দিছিল। চিঠিখন আৰু নাটিকাখনৰ ছদ্মবেশী লিখক দুজনেই (নে এজনেই) ছাগৈ ভাবিছিল তেওঁলোকৰ বিদ্বেশ, ক্ৰোধ, ঘৃণা, অপপ্ৰচাৰৰ ভমভমাই জ্বলি থকা জুইত জ্বলি ভষ্ম হৈ গ’লো।

ছদ্মনাম লৈ লিখিছিল যদিও সেই ছদ্মবেশতেই চিনো চিনো লাগিছিল দুয়োকে। দুয়ো বগলী ভকত। কথাতেই কয় নহয়, কথাৰ খিচা, সূতাৰ ছিয়া । ০১/০৩/২০০৫ চনত এই পত্ৰ লিখিছিল নীলমণি ফুকনে।

কবিৰ বিৰুদ্ধে কুম্ভীলক বৃত্তিত জড়িত থকাৰ অভিযোগ ৰচিছিল একাংশই। চিঠিত উল্লেখিত প্ৰদীপ আচাৰ্যৰ নাম। ২০০৫ৰ মাৰ্চত ১ তাৰিখে লিখিছিল সেই চিঠিখন।