উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হ’ব অনিমেষৰ দুই বন্ধুক, চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্ৰীয়ে…

কাইলৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হ’ব অনিমেষ ভূঞাৰ দুই আঘাতপ্ৰাপ্ত বন্ধুক।

বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ঘৰ পালেহি অনিমেষৰ বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰনয় দত্ত।

শুক্ৰবাৰে পুনৰ উন্নত চিকিৎসাৰ বাবে দুয়োকে প্ৰেৰণ কৰা হ’ব গুৱাহাটি চিকিৎসা মহাবিদ্যালয়লৈ।

বৃহস্পতিবাৰে বাসগৃহত উপস্থিত হৈ দুয়োৰে চিকিৎসাৰ দায়িত্ব ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

অনিমেষৰ লগতে যোৰহাট কাণ্ডত গুৰুতৰ ভাৱে প্ৰহাৰ কৰা হৈছিল এই দুই বন্ধুক। কথমপি প্ৰাণ ৰক্ষা পৰিছিল মৃদুষ্মন্ত আৰু প্ৰনয়ৰ।

ৰাজহাড়ত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈছে মৃদুষ্মন্ত বৰুৱা। অনিমেষৰ সমানে সমানে কালা গুণ্ডাৰ বাহিনীয়ে আক্ৰমনত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল মৃদুষ্মন্ত আৰু প্ৰণয়ৰ।

Leave a Comment