উন্নয়নৰ নমুনা! এইখন অসমৰে এখন চৰকাৰী হাস্পতালত নিশা জৰুৰীকালীন বিভাগৰ চিকিৎসকৰ টেবুলত কুকুৰৰ সুখনিদ্ৰা…

নিউজ ডেস্কঃ চৰকাৰে মেডিকেল কলেজ নিৰ্মান কৰিছে, অসমত এইমছ স্থাপন কৰিছে। কিন্তু তাৰ মাজতে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ উদঙাইছে সামাজিক মাধ্যমত চৰ্চিত হোৱা এখন ফটোৱে।

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ভিতৰৰ এই দৃশ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

চৰকাৰে স্বাস্থ্য খণ্ডত সাধন কৰা উন্নয়নৰ এয়াই নমুনা নেকি বুলিও উত্থাপন হৈছে প্ৰশ্নৰ।

জানিব পৰা মতে, সামাজিক মাধ্যমত চৰ্চিত হোৱা এই ফটোখন শ্বহীদ মুকুন্দ কাকতি অসামৰিক হাস্পতালৰ জৰুৰীকালীন বিভাগৰ।

photo1666933389
উন্নয়নৰ নমুনা! এইখন অসমৰে এখন চৰকাৰী হাস্পতালত নিশা জৰুৰীকালীন বিভাগৰ চিকিৎসকৰ টেবুলত কুকুৰৰ সুখনিদ্ৰা... 2

মঙ্গলবাৰে নিশা দুৰ্ঘটনাত পতিত এজন যুৱকক চিকিত্সাৰ বাবে লৈ যোৱাৰ সময়তে জৰুৰীকালীন বিভাগত প্ৰত্যক্ষ হয় এই ভয়ংকৰ দৃশ্য।

ফটোখনত দেখা পোৱা মতে জৰুৰীকালীন কক্ষৰ ভিতৰত নিশা শুই আছে দুটা কুকুৰ।

এটা কুকুৰ চিকিৎসকৰ টেবুলত শুই থকাৰ বিপৰীতে আনটো শুই আছে ৰোগীৰ বিচনাত।

স্বাভাৱিকতে এই ভয়ংকৰ দৃশ্যই শংকা বৃদ্ধি কৰিছে হাস্পতাল খনত চিকিৎসাৰ বাবে যোৱা ৰোগীৰ মাজত।

কুকুৰ শুই থকা বিচনাখনতে ৰোগীক শুৱাই চিকিৎসা প্ৰদান কৰিলে ইনফেকশ্যনৰ সম্ভাৱনা নাথাকিবনে বুলিও অনেকে প্ৰশ্ন তুলিছে।

আনহাতে নিশা জৰুৰীকালীন কক্ষৰ বাহিৰত কৰ্তব্যৰত আৰক্ষী জোৱানজানো সেই সময়ত সুৰাসক্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে।