উদ্যোগপতি ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’…

উদ্যোগপতি ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ বঁটা।

নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে সেই সন্মান প্ৰদানৰ বিষয়ে।

এক টুইটযোগে হিমন্ত বিশ্ব শৰ্মাই কয়- অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ ৰতন টাটাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অসমত কৰ্কট ৰোগৰ চিকিৎসা সেৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰতন টাটালৈ আগবঢ়োৱা হ’ব এই সন্মান।

উল্লেখ্য যে, অসম বৈভৱ বঁটা হ’ল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান।

বিগত বৰ্ষত অসম চৰকাৰে এই বঁটাৰ বিষয়ে পোন প্ৰথম বাৰৰ বাবে ঘোষণা কৰিছিল।

Leave a Comment