উদ্ধৱ ভৰালীক গ্ৰেপ্তাৰ, ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক। গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিনৰ আবেদন নাকচ কৰাৰ পাছতে আজি গ্ৰেপ্তাৰ কৰা হয় বিখ্যাত উদ্ভাৱক তথা পদ্মশ্ৰী উদ্ধৱ ভৰালীক।

গ্ৰেপ্তাৰৰ পাছত আদালতত হাজিৰ কৰােৱাৰ পাছত আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

1-2

উল্লেখ্য যে কিশােৰী যৌন নিৰ্যাতন চলােৱা গােচৰত অভিযুক্ত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জনােৱা আগতীয়া জামিনৰ আবেদন নাকচ হোৱাৰ পিছতে লখিমপুৰ আদালতত উপস্থিত হৈ আত্মসমৰ্পণ কৰে উদ্ধৱ ভৰালীয়ে।

তাৰ পাছতে আৰক্ষীয়ে তেওঁ গ্ৰেপ্তাৰ কৰে।

আত্মসমৰ্পণৰ পূৰ্বে সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত বিশিষ্ট উদ্ভাৱকগৰাকীয়ে কয়, “ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ প্ৰতি সন্মান জনায়েই মই আজি আত্মসমৰ্পণ কৰিম। মই আইনক সন্মান কৰোঁ। সেইবাবেই মই আত্মসমৰ্পণৰ সিদ্ধান্ত লৈছোঁ। কিন্তু ৰাইজ আৰু সংবাদ মাধ্যমৰ ওপৰত মোৰ বিশ্বাস আছে। এদিন সত্য পোহৰলৈ আহিব।”

উল্লেখ্য যে তুলি লোৱা এগৰাকী কিশোৰীক এবছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল উদ্ধৱ ভৰালীৰ বিৰুদ্ধে।

এই সন্দৰ্ভত লখিমপুৰ থানাত ৰুজু এক গোচৰত ন্যায়ালয়ে প্ৰথমে ভৰালীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে যদিও পিছত ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনি জামিন নাকচ কৰে।

সৰু-বৰ বিভিন্ন আৱিষ্কাৰৰ বাবে ২০১৯ চনত উদ্ধৱ ভৰালীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল ভাৰত চৰকাৰে।

লগতে চাওকঃ

কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

G4

Leave a Comment