উদ্ধাৰ অভিযানৰ সময়তে সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ মেজৰ

নিউজ ডেস্ক। দুৰ্গম সীমান্তত অসুস্থ হৈ পৰা এজন সেনা জােৱানক উদ্ধাৰৰ বাবে যােৱা ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ শুকুৰবাৰে দুপৰীয়া দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনা জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজৰ তুলাইল অঞ্চলত সংঘটিত হয়।

এই দুৰ্ঘটনাত সহ-পাইলটজন নিহত হয় আৰু পাইলটজন গুৰুতৰভাৱে আহত হয়।

G2 17
উদ্ধাৰ অভিযানৰ সময়তে সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ মেজৰ 2

জানিব পৰা মতে, এজন ৰুগীয়া সৈনিকক চিকিৎসাৰ বাবে দুৰ্গম স্থানৰ পৰা উলিয়াই অনাৰ নিয়মীয়া অভিযানৰ সময়তে বৰফৰ মাজত নিৰ্মাণ কৰা অস্থায়ী হেলিপেডৰ অৱতৰণৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।

এই খবৰ লাভ কৰাৰ পাছতে ভাৰতীয় সেনাই বৰফাবৃত্ত এলেকাটাত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পাছত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ধ্বংসাৱশেষ উত্তৰ কাশ্মীৰৰ বান্দিপোৰাৰ বৰফাবৃত্ত গুজৰান নাল্লা অঞ্চলত উদ্ধাৰ কৰে অভিযানকাৰী দলটােৱে।

উদ্ধাৰকাৰী সেনাৰ দলে হেলিকপ্টাৰখনৰ পাইলট জনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উধমপুৰৰ কমাণ্ড হস্পিটেললৈ স্থানান্তৰিত কৰে।

এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ সহ-পাইলট মেজৰ সংকল্প যাদৱে (২৯) হাস্পতালত শেষ নিস্বাস ত্যাগ কৰে।

জানিব পৰা মতে, মেজৰ যাদৱ ২০১৫ চনত সেনাত কমিছন কৰা হৈছিল আৰু তেওঁ ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা।

Leave a Comment