ৰাষ্ট্ৰীয়

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান…

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান।

৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ সমাজবাদী পাৰ্টী নেতাজনৰ।

সোমবাৰে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱে।

২ অক্টোবৰত গুৰগাণৱৰ মেডাণ্ট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।

১৯৩৯ চনৰ ২২ নৱেম্বৰত ইটাৱাত জন্ম লাভ কৰিছিল মুলায়ম সিং যাদৱৰ।

তেওঁ ৮ বাৰ বিধায়ক হোৱাৰ লগতে ৭ বাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

১৯৬৭ চনত প্ৰথমবাৰৰ বাবে যশৱন্ত নগৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যাদৱ।

আনহাতে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল যাদৱে।

তেওঁ তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

১৯৯২ চনত তেওঁ গঠন কৰিছিল সমাজবাদী পাৰ্টী।

Related Articles

Back to top button