উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৮খনকৈ বিদ্যালয়ত নতুন নামভৰ্তি প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ…

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৮খনকৈ বিদ্যালয়ত নতুন নামভৰ্তি প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ।

এই সন্দৰ্ভত ২৪ ফেব্ৰুৱাৰী প্ৰকাশ পোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক নিৰ্দেশনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

নিৰ্দেশনাটোত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ ৮খনকৈ বিদ্যালয়ত নতুন নামভৰ্তি প্ৰক্ৰিয়া বন্ধৰ নিৰ্দেশ দিয়া হৈছে।

এই বিদ্যালয়সমূহৰ ভিতৰত আছে অসমৰ ৬ খনকৈ বিদ্যালয়।

বিদ্যালয় কেইখন ক্ৰমে আদাবাৰী ৰে’লৱে ডিটিপি বিদ্যালয়, পাণ্ডু ৰে’লৱে প্ৰাথমিক বিদ্যালয়, আমিনগাঁও ৰে’লৱে প্ৰাথমিক বিদ্যালয়, মৰিয়নী ৰে’লৱে প্ৰাথমিক বিদ্যালয়, তিনিচুকীয়া ৰে’লৱে প্ৰাথমিক বিদ্যালয় আৰু ডিব্ৰুগড় ৰে’লৱে ডিটিপি বিদ্যালয়।

আন দুখন বিদ্যালয় হৈছে ডিমাপুৰ ৰে’লৱে হাইস্কুল আৰু বিহাৰৰ বাৰছৈ ৰে’লৱে ডিটিপি।

অৱশ্যে নিৰ্দেশনাটোত, বৰ্তমান অধ্যয়নৰত শিক্ষাৰ্থীৰ পাঠদানত কোনো ব্যাঘাত নজন্মে বুলি উল্লেখ কৰাৰ লগতে প্ৰয়োজনসাপেক্ষে শিক্ষাৰ্থীসকলক অন্য ৰে’লৱে বিদ্যালয়লৈ স্থানান্তৰ কৰা হ’ব বুলি জনোৱা হৈছে।

শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ অজুহাতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Comment