উত্তৰ-পূবৰ বিজেপি বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ…

গুৱাহাটীত উত্তৰ-পূবৰ বিজেপি বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান কংগ্ৰেছ নেতা চিদাম্বৰমৰ।

তেওঁ বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলকে নিজৰ নীতি-আৰ্দশৰ প্ৰতি অনুগত থাকিয়েই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱৰ্তীণ হোৱাৰ পৰামৰ্শ আগবঢ়ায়।

বৃহস্পতিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা দলৰ সদস্যসকলৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থকাৰ সময়ত সংবাদ মাধ্যমৰ আগত চিদাম্বৰমে এনেদৰে কয়।

তেওঁ লগতে কয়- মই কেৱল পুনৰাবৃত্তি আৰু গুৰুত্ব দি ক’ব পাৰোঁ যে যদি আপুনি ৰাজ্যিক নিৰ্বাচন বা ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব বিচাৰে, তেন্তে উত্তৰ-পূবৰ সকলো বিজেপি বিৰোধী দল একত্ৰিত হ’ব লাগিব।

তেওঁ কয় যে বিজেপিৰ বিৰুদ্ধে যুঁজখনত সকলো বিজেপি বিৰোধী দল একত্ৰিত ন’হলে জনসাধাৰণৰ বিশ্বাস জিকাটো সম্ভৱ নহয়।

তেওঁ অৱশ্যে উল্লেখ কৰে যে যদি বিৰোধী দলসমূহে অ-বিজেপি ফ্ৰণ্টত যোগদান কৰিবলৈ ইচ্ছুক নহয়, তেন্তে উত্তৰ-পূবত বিজেপিৰ বিৰোধিতা কৰা দলসমূহৰ গম্ভীৰতাক ৰাইজে প্ৰশ্ন কৰিব।

Leave a Comment