উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হোৱা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ…

অৱশেষত উদ্ধাৰ হ’ল পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ।

উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা।

দীপশিখাৰ লগতে আন ৬ টা মৃতদেহ উদ্ধাৰ। এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা ২৬ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল’বলৈ উত্তৰাখণ্ডলৈ গৈছিল অসম কন্যা দীপশিখা হাজৰিকা। কিন্তু হঠাৎ অহা হিমস্খলনৰ ফলত সন্ধানহীন হৈ পৰিছিল দীপশিখা।

মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ’ব মৃতদেহ।

ইতিমধ্যেই পিতৃ আৰু জ্যেষ্ঠ ভাতৃ উত্তৰাখণ্ডত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি এতিয়াও উদ্ধাৰ হোৱা নাই আন ৩ জন লোকৰ মৃতদেহ।