উত্তৰাখণ্ডৰ হিমস্খলনঃ এই পৰ্যন্ত কােনো সন্ধান নাই অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকাৰ

নিউজ ডেস্ক। পৰ্বতাৰােহণৰ উন্নত প্ৰশিক্ষণ ল’বলৈ উত্তৰাখণ্ডলৈ যােৱা দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্বতাৰােহীৰ দল সন্মুখীন হ’ল ভয়ংকৰ হিমস্খলনৰ।

উত্তৰাখণ্ডৰ ‘দ্ৰােপদী কা ডাণ্ডা’ পৰ্বতত সংঘটিত এই হিমস্খলনত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ১੦ জনৰাে অধিক পৰ্বতাৰােহীয়ে।

এই পৰ্যন্ত সন্ধানহীন আন কেইবাজনাে।

310930688 6220866807927861 3854290446426433453 n
উত্তৰাখণ্ডৰ হিমস্খলনঃ এই পৰ্যন্ত কােনো সন্ধান নাই অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকাৰ 3

এই ভয়ংকৰ হিমস্খলনত আবদ্ধ হৈ পৰিছে গুৱাহাটীৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাও ৷

এই মুহূৰ্তলৈকে দীপশিখাৰ সৈতে কােনাে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লােকে৷

ইপিনে, স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা সন্ধানহীনৰ তালিকাতাে নাম উল্লেখ আছে দীপশিখাৰ।

image 38
উত্তৰাখণ্ডৰ হিমস্খলনঃ এই পৰ্যন্ত কােনো সন্ধান নাই অসমৰ পৰ্বতাৰােহী দীপশিখা হাজৰিকাৰ 4

প্ৰশিক্ষণ ল’বলৈ উত্তৰাখণ্ডলৈ যােৱা পৰ্বতাৰােহীৰ দুটা দলৰ উপৰি সেনাৰাে একাধিক লােক এই হিমস্খলনত এই পৰ্যন্ত সন্ধানহীন হৈ আছে।

উল্লেখ্য যে ভয়াৱহ হিমস্খলনৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।