উত্তৰাখণ্ডৰ টুপী আৰু মণিপুৰৰ মাফলাৰ পিন্ধি গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী মোদী, সৰ্বত্ৰে চৰ্চা…

আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৭৩তম গণৰাজ্য দিৱস।
গণৰাজ্য দিৱস উপলক্ষে দিল্লীৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিধান কৰা পোচাকে বিশেষ চৰ্চা লাভ কৰিছে।
অইন বাৰৰ দৰে এইবাৰো মোদীয়ে বিশেষ পোচাক পৰিধান কৰিলে গণৰাজ্য দিৱসৰ দিনা।
এইবাৰ গণৰাজ্য দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিধান কৰে মণিপুৰৰ মাফলাৰ আৰু উত্তৰাখণ্ডৰ পাৰাম্পৰিক টুপী।
বহুলোকে তেওঁৰ কাপোৰ পচন্দ কৰিছে বিপৰীতে কিছুমানে ইয়াক ভোটৰ অংকৰে চাইছে, কাৰণ অহা মাহৰ পৰা নিৰ্বাচন আৰম্ভ হ’বলগীয়া পাঁচখন ৰাজ্যৰ ভিতৰত আছে উত্তৰাখণ্ড আৰু মণিপুৰ৷
প্ৰধানমন্ত্ৰীয়ে পিন্ধা টুপীটোত উত্তৰাখণ্ডৰ ফুল ব্ৰহ্মকমলৰ প্ৰতিকৃতিও আছিল৷
যেতিয়াই নৰেন্দ্ৰ মোডীয়ে প্ৰাৰ্থনা কৰিবলৈ কেদাৰনাথ মন্দিৰলৈ যায়, তেতিয়াই তেওঁ এই ব্ৰহ্মকমল ব্যৱহাৰ কৰে৷ তদুপৰি, প্ৰধানমন্ত্ৰী মণিপুৰৰ মাফলাৰ লৈ লালকিল্লালৈ আহে৷
তদুপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে মণিপুৰৰ মাফলাৰ ‘লীৰম ফী’ পৰিধান কৰাও দেখা যায়। হাতেৰে বনোৱা এই মাফলাৰখন মণিপুৰৰ ‘মেতেই’ জনজাতিৰ অবিচ্ছেদ্য অংগ।
উল্লেখ্য যে, কিছুদিন পিছত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত মণিপুৰ আৰু উত্তৰাখণ্ড ৰাজ্যও অন্তৰ্ভূক্ত আছে।গতিকে বহুতেই মোদীৰ এই পোচাক ভোটাৰ অংকৰ তৰফৰ পৰাও চাইছে।