উত্তপ্ত চন্দ্ৰপুৰ! ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে ৰে’লপথ অৱৰোধ, আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত ঠেলা হেঁচা…

পুৱাই পুনৰ উত্তপ্ত হ’ল চন্দ্ৰপুৰ।

বিগত ডেৰ মাহ ধৰি চন্দ্ৰপুৰৰ ৰাইজে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও গুৱাহাটী পৌৰ নিগম অথবা জিলা প্ৰশাসনে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ ক্ষোভিত হৈ পৰিছে চন্দ্ৰপুৰবাসী ৰাইজ।

যাৰ পৰিপেক্ষিতত দেওবাৰে ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে ৰে’লপথ অৱৰোধ কাৰ্যসূচী হাতত লয়।

ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যগত প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাকে ধৰি ছাত্র-ছাত্ৰীয়ে হাতে হাতে বিভিন্ন প্ৰতিবাদী প্লেকাৰ্ড লৈ ৰে’ল পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

কিন্তু আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক ৰে’লপথৰ পৰা বলপূৰ্বকভাৱে ঠেলি–হেঁচি আঁতৰাই পঠিওৱাৰ লগেত শতাধিক প্ৰতিবাদকাৰীক আটক কৰে।

চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰেল ষ্টেচনৰ সমীপত এই ঘটনা।

কনিষ্ঠৰ পৰা জ্যেষ্ঠৰ লগতে মহিলাকো বলপূৰ্বক ভাবে ৰে’ল পথৰ পৰা আৰক্ষীয়ে আঁতৰাই নিব বিচৰা কার্যকলৈ হাল্লাবোল প্ৰতিবাদকাৰীৰ।

আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘটিত হয় ঠেলা হেঁচা পৰ্যন্ত।

Leave a Comment