অসম

উজনিমুৱা কামৰূপ এক্সপ্ৰেছত হঠাৎ লাগিল জুই, যাত্ৰীৰ মাজত হাহকাৰ…

উজনিমুৱা কামৰূপ এক্সপ্ৰেছত অঘটন৷

হাওৰাৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা ৰেলত হঠাৎ লাগিল জুই।

দ্ৰুতগামী ৰেলখনত জুইৰ সুত্ৰপাত ঘটাত জৰুৰীভাৱে ৰেলখন বিজনী ষ্টেচনত ৰখাবলগীয়া হয়৷

বিজনী ৰেলৱে ষ্টেচনত ৰখোৱা ৰেলখনৰ পিছতে ধোৱাই আৱৰি ধৰে।

37024 নম্বৰৰ এই ৰেলখন বিজনী ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত দবা এটাৰ পৰা ধোৱা ওলাব ধৰে৷

ইফালে চাৰিওফালে ধোৱাই আৱৰি ধৰাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

অৱশ্যে ৰেলৱে কৰ্মচাৰীৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱাৰ লগতে এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে যাত্ৰী সকল।

ৰেলখনৰ ব্ৰেকৰ পৰা এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰেলৱে কৰ্মচাৰীয়ে।

ৰেলখন প্ৰায় আধা ঘন্টাৰ অধিক সময় ৰখাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰে।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button