fbpx
অসমীয়াঅসম

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষামন্ত্ৰীৰ প্ৰতিক্ৰিয়া! ক’লে- এই বাতৰি ভুৱা আৰু ভিত্তিহীন…

নিউজ ডেস্কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰশ্নাকাকত ফাদিলৰ বাতৰি ভুৱা আৰু ভিত্তিহীন আখ্যা শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ।

মঙলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি সামাজিক মাধ্যমত চৰ্চা চলাৰ লগতে কেইবাটাও সংবাদ মাধ্যমেও বাতৰি প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে এই বাতৰি ভুৱা আৰু সম্পূৰ্ণ ভিত্তিহীন।

AHSECৰ প্ৰেছ বিজ্ঞপ্তি শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ব্যক্তিগতভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পৰম সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰা হৈছে।

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক ভুৱা বাতৰি আৰু উৰাবাতৰিৰ বলি নহ’বলৈ আহ্বান জনায়।

AHSECয়ে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰতিবেদন অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকতৰ বাতৰি ফাদিল হৈছে।

শিক্ষা পৰিষদে প্ৰাৰ্থীসকলক উৰাবাতৰি বিশ্বাস নকৰিবলৈ আৰু পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ অনুৰোধ জনায়।

খবৰ অনুসৰি ২৮ ফেব্ৰুৱাৰীত পৰীক্ষাৰ এদিন পূৰ্বে ছ’চিয়েল মিডিয়াত ৰসায়ন বিজ্ঞানৰ এখন হাতে লিখা সমাধান কৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

কাকতখনৰ ছবি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল।

ইফালে, বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি এ এইচ এছ ই চিয়ে এই দাবী অস্বীকাৰ কৰে যদিও প্ৰেছ বিজ্ঞপ্তিটোত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা হাতেলিখা প্ৰশ্নকাকতৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই।

Related Articles

Back to top button