উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কি ক’লে মুখ্যমন্ত্ৰীয়ে..?

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

এইবাৰ পৰীক্ষাত কলা শাখাত ৮৩.৪৮ শতাংশ বিজ্ঞান শাখাত ৯২.১৯ শতাংশ আৰু বাণিজ্যক শাখাত ৮৭.২৭শতাংশ শিক্ষাৰ্থী উৰ্ত্তীণ হয়।

ফলাফল ঘোষণা হোৱাৰ পাছতেই পৰীক্ষাত উত্তীৰ্ণসকলক শুভেচ্ছা আৰু অভিনন্দন জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- এই পৰীক্ষাত সফল হোৱা সকলে ভৱিষ্যতলৈ নিজক গঢ় দিয়াত সদায় যত্নপৰ হৈ থাকিব। তেওঁলোকে আগুৱাই গৈ নিজৰ পিতৃ-মাতৃৰ লগতে আমাৰ ৰাজ্য খনলৈ সদায়ে সুনাম কঢ়িয়াই আনিব।

ব্যক্তিগত বিদ্যালয়ৰ লগত আমাৰ চৰকাৰী বিদ্যালয়ক তুলনা কৰিলে নহব। কাৰণ তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ইফালে বন্যাৰ্তক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে কাম হাতত লৈছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

উল্লেখ্য যে, সোমবাৰে পুৱাই মা কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শক্তিপীঠত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ললে মুখ্যমন্ত্ৰী গৰাকীয়ে।