উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কলা শাখাত শীৰ্ষত সাধনা দেৱী আৰু চেৰী গোঁহাই

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

এই বৰ্ষত কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিছে দুগৰাকী ছাত্ৰীয়ে।

প্ৰথম স্থান দখল কৰিছে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (কামৰূপ)ৰ সাধনা দেৱী আৰু মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ চেৰী গোহাঁই।

image 239
সাধনা দেৱী

দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰিছে সৰ্বমুঠ ৪৮৭ নম্বৰ।

ইফালে কলা শাখাত দ্বিতীয় স্থান দখল কৰিছে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী বিদিশা মিশ্ৰই। বিদিশাই লাভ কৰা নম্বৰ হৈছে ৪৮৬।

৪৮৩নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সুদীপ্ত দেৱনাথে।

চতুৰ্থ স্থান লাভ কৰিছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নিলয় কুৰ্মীয়ে, নগাঁও আৰু অসম ভেলী একাডেমীৰ ছাত্ৰী প্ৰিয়ংকা বৈশ্যই, নলবাৰী। দুয়োগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ৪৮৩ নম্বৰ।

পঞ্চম স্থানঃ মধুস্মিতা বেজবৰুৱা, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা আৰু প্রত্যুষ প্রতীম বৰা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও। লাভ কৰা নম্বৰ- ৪৮০

image 240
ৰ’জী ৰৌছান

ষষ্ঠ স্থানঃ ষষ্ঠ স্থান লাভ কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে। 

তেওঁলোক হৈছে- দৈবিক দেৱ, ৰামানুজ গুপ্তা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ আৰু ছহীদ আহমেদ খণ্ডকাৰ, আব্দুল হাছিব হায়াৰ ছেকেণ্ডাৰী স্কুল, হোজাই। ৰ’জী ৰৌছন, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ, উপাসনা শইকীয়া ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী, নগাঁও। লাভ কৰা নম্বৰ- ৪৭৮।

সপ্তম স্থানঃ বিশাল বিকাশ বৈশ্য, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা। লাভ কৰা নম্বৰ- ৪৭৭

অষ্টম স্থান লাভ কৰিছে ৪গৰাকী শিক্ষাৰ্থীয়ে। 

image 241
নিখিল দাস

তেওঁলোক হৈছে- ৰিয়া শইকীয়া, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী, বৰপেটা, দীক্ষিতা চহৰীয়া, পাথৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং, অভিনন্দা হাজৰিকা, কটন বিশ্ববিদ্যালয়, গুৱাহাটী, নিখিল দাস কামৰূপা গাৰ্লছ ছিনিয়ৰ স্কুল, কামৰূপ। লাভ কৰা নম্বৰ হৈছে – ৪৭৫।

image 242
অভিনন্দা হাজৰিকা

নৱম স্থানঃ ৰাস্না গগৈ, ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী, গোলাঘাট। লাভ কৰা নম্বৰ- ৪৭৪

দশম স্থান দখল কৰিছে ৩গৰাকী শিক্ষাৰ্থীয়ে। 

তেওঁলোক হৈছে- অনন্যা সূত্রধৰ, বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল, বঙাইগাঁও, মেঘনা বৰা, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও, দেৱীস্তুতি হাজৰিকা শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ।

তেওঁলোকে লাভ কৰা নম্বৰ হৈছে- ৪৭৩।