
নিউজ ডেস্ক। উজনি অসমত পুনৰ বিদ্ৰােহী সংগঠন আলফা (স্বাধীন)ৰ সক্ৰিয়তা বৃদ্ধি পােৱাৰ সময়তে এইবাৰ উগ্ৰপন্থীক দাবী কৰা ধন আদায় দি গ্ৰেপ্তাৰ সোণাৰিৰ ৩ ব্যৱসায়ী।
জানিব পৰা মতে, আলফা (স্বাধীন)ক দাবী কৰা ধন আদায় দি বিপদত পৰিল ৩ স্থানীয় প্ৰতিষ্ঠিত ব্যৱসায়ী।

নামতোলাৰ পৰা সোণাৰি আৰক্ষীয়ে আটক কৰিছে তিনিও ব্যৱসায়ীক।
ধৃত নগা যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ ব্যৱসায়ীক।
গ্ৰেপ্তাৰ হোৱা ৩ ব্যৱসায়ী মনোহৰ ঠাকুৰ, লাল বাাদুৰ ঠাকুৰ আৰু কাদেৰ শ্বাহ।
তিনিও গৰাকী অসম-নাগালেণ্ড সীমান্তৰ প্ৰতিষ্ঠিত ব্যৱসায়ী।
উল্লেখ্য যে কিছুদিন পূৰ্বে আলফা (স্বাধীন) ৰ হৈ ধন সংগ্ৰহ কৰা এজন নগা যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।