উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদ বেলেগ বেলেগঃ মন্ত্ৰী পীযুষ হাজৰিকা

নিউজ ডেস্কঃ উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী শব্দ দুটাৰ সংজ্ঞা বেলেগ বেলেগ। সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থীৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰাকই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পীযুষ হাজৰিকাই কয় যে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী দুটা বেলেগ বিষয়। জেহাদী সকল সন্ত্ৰাসবাদী। জেহাদীৰ উদ্দেশ্য হৈছে ধ্বংস কৰা। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’বই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে সন্ত্ৰাসবাদী সময়ে সময়ে আলোচনালৈ ঘূৰিও আহে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই। কংগ্ৰেছেও চৰকাৰ চলোৱাৰ সময়ত কেইবাটাও উগ্ৰপন্থী সংগঠনত আলোচনাৰ বাবে আহ্বান জনাইছিল বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।