অসম

ঈশান উদয় জলপানিৰ নামত ভয়াৱহ কেলেংকাৰি, মহাবিদ্যালয়ৰ অধ্যক্ষসহ দুজনক গ্ৰেপ্তাৰ…

ঈশান উদয় জলপানিৰ নামত ৰাজ্যত ভয়াৱহ কেলেংকাৰি।

বৰপেটাত ঈশান উদয় জলপানিৰ ভয়াৱহ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত মহাবিদ্যালয়ৰ অধ্যক্ষসহ দুজনক গ্ৰেপ্তাৰ।

জলপানিৰ ধন আত্মসাতৰ গোচৰত হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মহাবিদ্যালয়খনৰ কাৰ্যালয় সহায়ক চাহাবুদ্দিনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত কয়াকুছি আৰক্ষী চকীত দুয়োজনকে অব্যাহত ৰাখিছে জেৰা।

ভুৱা শিক্ষাৰ্থীৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছিল চক্ৰটোৱে।

বছৰত এগৰাকী শিক্ষাৰ্থীক ৬০ হাজাৰ টকা প্ৰদান কৰা হয় ঈশান উদয় স্ক’লাৰশ্বিপ।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বছৰেকত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ ঈশাণ উদয় স্ক’লাৰশ্বীপ৷

একেদৰে কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ণ মন্ত্ৰণালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধা ভিত্তিক স্কলাৰশ্বীপ৷

Related Articles

Back to top button