ঈশান উদয় কেলেংকাৰী! মহাবিদ্যালয়ৰ অধ্যক্ষ শহিদুল ইছলামক আটক আৰক্ষীৰ…

ঈশান উদয় আঁচনিৰ নামত বৃহৎ কেলেংকাৰী।

বঙাইগাঁও জিলাৰ কোকিলাৰ চি কে মহাবিদ্যালয়ৰ অধ্যক্ষ শহিদুল ইছলামক আজি আটক আৰক্ষীয়ে।

ঈশান উদয় জলপানিৰ কেলেংকাৰী সন্দৰ্ভত বঙাইগাঁৱৰ কোকিলা আৰক্ষীয়ে অধ্যক্ষজনক আটক কৰে।

২০২০-২১ বিত্তীয় বৰ্ষৰ ঈশান উদয় জলপানি কেলেংকাৰীক লৈ বৰপেটা থানাত দুৰ পাঠক নামৰ লোক এজনে শহিদুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়া অনুসৰি শ্বহিদুল ইছলামে তেওঁৰ গাড়ীচালক, পত্নীকো শিক্ষার্থী দেখুৱাই ঈশান উদয় জলপানি আঁচনিৰ টকা উলিয়াইছিল।

প্রায় ৯৫ গৰাকী ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত ঈশান উদয় আঁচনিৰ টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। এগৰাকী শিক্ষার্থীয়ে প্রায় ৫৪ হেজাৰ টকাকৈ লাভ কৰে।

আৰক্ষীয়ে শহিদুল ইছলামক অভয়াপুৰী থানাত জেৰা অব্যাহত ৰাখিছে।