
নিউজ ডেস্কঃ ঈদৰ আনন্দৰ মাজতে শনিবাৰে বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যুৱে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে কলগাছিয়াৰ ৰছুলপুৰত।
জানিব পৰা মতে, শনিবাৰে পুৱা বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ সংযোগ কৰিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় ওৱাহিদুৰ ৰহমান নামৰ এজন যুৱক।

ওৱাহিদুৰক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।
পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ এনে অকাল মৃত্যুৱে দিকহাৰা কৰি তুলিছে ওৱাহিদুৰ ৰহমানৰ পৰিয়ালটোক।
ইফালে যুৱকজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।