ই-ৰিক্সা মোকলাই দিয়াৰ নামত উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া হৰিকমল দাস…

অসম আৰক্ষীক নিকা কৰিবৰ বাবে চৰকাৰে যিমানেই ব্যৱস্থা নকৰক কিয়, এতিয়াও উপৰুৱা ধন নল’লে থাকিব নোৱাৰে একাংশ বিষয়া।

ডবকাত দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সা মোকলাই দিয়াৰ বিনিময়ত উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন আৰক্ষী বিষয়া।

নিলম্বিত হ’ল ডবকা থানাৰ সহকাৰী উপ পৰিদৰ্শক হৰিকমল দাস।

এখন দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সা মোকলাই দিয়াৰ নামত উত্‍‍কোচ লৈ বিষয়াজনে লৈছিল উৎকোচ।

আৰক্ষী থানাৰ চৌহদতে এজন লোকৰ পৰা উৎকোচ লোৱা ভিডিঅ’ ভাইৰেল হ পৰিছিল ছ’চিয়েল মিডিয়াত।

হোজাইৰ আৰক্ষী অধিক্ষকৰ নিৰ্দেশতে বিষয়া জনক গ্ৰেপ্তাৰ কৰি নিলম্বন কৰা হয়।

উল্লেখ্য যে, মিঠুন দাস নামৰ এজন লোকৰ পৰা ই-ৰিক্সা মোকলাই দিয়াৰ নামত আৰক্ষী বিষয়াজনে লৈছিল ২০০০ টকা।

স্বাভাৱিকতে এজন আৰক্ষী বিষয়াই এইদৰে উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডবকাত।

কেৱল নিলম্বনে নহয়, পৰৱৰ্তী সময়ত যাতে এনে কাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী বিষয়াজনৰ বৰ্খাস্তৰো দাবী তুলিছে বহুতে।

Leave a Comment