
নিউজ ডেস্ক। গণৰাজ্য দিৱসৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে সংঘটিত হ’ল এক ৰহস্যজনক বিস্ফােৰণৰ ঘটনা।
এজন ই-ৰিক্সা চালকে দি থৈ যােৱা পাৰ্চেল খােলাৰ লগে লগেই সংঘটিত হ’ল প্ৰচণ্ড বিস্ফােৰণৰ ঘটনা, য’ত আহত হ’ল ৪ জন লােক।
পশ্চিম বংগৰ উত্তৰ দিনাজপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ বিস্ফোৰণকাণ্ড।

এটা পাৰ্চেল বিস্ফোৰণ হোৱাৰ ফলত আহত হয় ৪ জন লোক। বিস্ফোৰণৰ শব্দই কঁপাই যায় জিলাখনৰ হেমতাবাদ এলাকা।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, হেমতাবাদৰ বাহাৰাইল গাঁৱত এখন ফাৰ্মাচী চলায় বাবলু চৌধুৰী নামৰ লোকজনে।
শুকুৰবাৰে সন্ধিয়া এজন ই-ৰিক্সা চালকে তেওঁৰ দোকানত এটা পাৰ্চেল দি থৈ যায়।

সেই সময়ত বাবলু চৌধুৰী দোকানত নাছিল যদিও তেওঁৰ ভাতৃ আশ্ৰাফ আলী চৌধুৰীয়ে পাৰ্চেলটো নি দোকানৰ ভিতৰত ভৰায় থয়।
কিছুসময়ত বাবলু চৌধুৰী দোকানলৈ অহাত তেওঁৰ নাম-ঠিকনা লিখা থকা পাৰ্চেলটো খুলিবলৈ লওঁতেই সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ।
বিস্ফোৰণটোত বাবলু চৌধুৰী, তপন ৰয় আৰু মহম্মদ চাফুৰৰ লগতে আন এজন লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়।
Parcel Blast : হেমতাবাদে পার্সেল খুলতেই ভয়ঙ্কর বিস্ফোরণ, আহত ৩, তদন্তে পুলিশ#parcelblast #hemtabad #northdinajpur #indianewsbangla https://t.co/HZ8jEhkT88 pic.twitter.com/uty1rN4ODh
— India News Bangla (@IndiaNewsBangla) January 21, 2022
ভাৰত-বাংলাদেশ সীমান্তৰ হেমতাবাদৰ বাহৰেইল গাঁৱত এনে বিস্ফোৰণৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীকো চিন্তিত কৰি তুলিছে।
ইফালে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি, ই-ৰিক্সা চালকজনে পাৰ্চেলটো দিবলৈ অহাৰ সময়ত ই-ৰিক্সাখনত এগৰাকী মহিলা যাত্ৰীও উঠি আছিল।
আৰক্ষীয়ে ই-ৰিক্সা, চালক আৰু মহিলা যাত্ৰীগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
বাবলু চৌধুৰীৰ দোকানত কি কাৰণত বিস্ফোৰণ সংঘটিত কৰা হৈছিল তাৰ অনুসন্ধান চলাই আছে আৰক্ষীয়ে।
লগতে চাওকঃ
দৰং মহাবিদ্যালয়ৰ ছাত্ৰীৰ ‘অপহৰণ’ কাণ্ডত নতুন মােৰ…
